![]()
নিউজ ডেস্কঃ
বৃহৎ বিপদৰ মুখত পৰিছে আন্তর্জাতিক মহাকাশ ষ্টেচন। বহু কেইটা স্থানত বৃহৎ ফাঁট ধৰা পৰিছে আন্তর্জাতিক ফুটবল ষ্টেডিয়ামৰ দৈর্ঘ্যৰ মহাকাশ ষ্টেচনত। ততাতৈয়াকৈ ব্যৱস্থা নল’লে ফাঁটবোৰ আৰু ডাঙৰ হ’ব পাৰে। এই ফাঁট বিয়পিব পাৰে মহাকাশ ষ্টেচনৰ অন্যস্থানলৈও। আনকি সেইবোৰ স্থানৰ বিভিন্ন অংশ ভাঙি পৰিব পাৰে মহাকাশত। যি মহাকাশত আৱর্জনা (স্পেচ ডেব্রি) হৈ বিপদ ঘটাব পাৰে বহু মহাকাশযান আৰু পৃথিৱীৰ বিভিন্ন কক্ষপথত থকা বহু উপগ্রহৰো।
ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকছমছে এই খবৰ দি জনাইছে যে যিমান পাৰি সম্ভৱ সোনকালে ফাঁটবোৰ বন্ধ নকৰিলে অত্যন্ত শক্তিশালী মহাজাগতিক ৰশ্মি আৰু বিভিন্ন ধৰণৰ ক্ষতিকাৰক মহাজাগতিক বিকিৰণ সোমাব পাৰে মহাকাশ ষ্টেচনত।
ভূপৃষ্ঠৰ পৰা ৩৭০ কিলোমিটাৰ ওপৰত পৃথিৱীৰ ওচৰৰ কক্ষপথত (‘ল’-আর্থ অৰবিট’) থকা মহাকাশ ষ্টেচনত এই মুহূর্তত আছে মুঠ ১১ জন মহাকাশচাৰী। তেওঁলোকৰ ভিতৰত অন্যতম নাছা, ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ‘ৰছকছমছ’, জাপানৰ মহাকাশ গৱেষণা সংস্থা ‘জাক্সা’ আৰু ইউৰোপিয়ান স্পেচ এজেন্সি (‘এছা’)ৰ মহাকাশচাৰীসকল।











