![]()
নিউজ ডেস্কঃ
মঙ্গলবাৰে দেশৰ শীর্ষ আদালতৰ ন্যায়াধীশ হিচাবে শপত ল’লে ৯জনে। তেওঁলোকৰ ভিতৰত আছে তিনিগৰাকী মহিলা। দেশৰ ইতিহাসত এই প্রথম একেলগে ইমানজন ন্যায়াধীশে শপত গ্রহণ কৰিলে। তেওঁলোকক শপত বাক্য পাঠ কৰায় দেশৰ প্রধান ন্যায়াধীশ এনভি ৰামানাই। অনুষ্ঠানটি হয় ছুপ্রিম কোর্টৰ এডিচনেল বিল্ডিং কমপ্লেক্সৰ অডিটৰিয়ামত।
আজি শপতগ্ৰহণ কৰা ন্যায়াধীশসকল হৈছে শ্রীনিবাস ওকা (কর্ণাটক হাইকোর্টৰ প্রধান ন্যায়াধীশ) বিক্রম নাথ (গুজৰাট হাইকোর্টৰ প্রধান ন্যায়াধীশ), জিতেন্দ্র কুমাৰ মহেশ্বৰী (ছিকিম হাইকোর্টৰ প্রধান ন্যায়াধীশ), হিমা কোহলি (তেলেঙ্গানা হাইকোর্টৰ প্রধান ন্যায়াধীশ), বিভি নাগৰত্ন (কর্ণাটক হাইকোর্টৰ ন্যায়াধীশ), চিটি ৰবি কুমাৰ কেৰালা হাইকোর্টৰ ন্যায়াধীশ), এমএম সুন্দৰেশ (মাদ্রাজ হাইকোর্টৰ ন্যায়াধীশ) বেলা ত্রিবেদী (গুজৰাট হাইকোর্টৰ প্রধান ন্যায়াধীশ)। আনহাতে, জ্যেষ্ঠ অধিবক্তা পিএছ নৰসিংহক শীর্ষ আদালতৰ বিচাৰপীঠে প্ৰত্যক্ষভাৱে নিয়োগৰ বাবে নিৰ্বাচন কৰিছে। তেওঁলোকৰ শপতগ্রহণৰ পিছত দেশৰ প্রধান ন্যায়াধীশসহ শীর্ষ আদালতৰ মুঠ ন্যায়াধীশৰ সংখ্যা হ’ল ৩৩।











