![]()
নিউজ ডেস্কঃ
খাদ্যৰ অর্ডাৰ দিওঁতে পলম হোৱাত গ্রেটাৰ নয়ডাত এখন ৰেস্তোৰাঁৰ মালিকক গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছে ডেলিভাৰী কোম্পানী ছুইগিৰ এজন ডেলিভাৰী বয়ৰ বিৰুদ্ধে। ৰেস্তোৰাঁখনৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
নয়ডাত এটি ফ্লেটৰ তলত সুনীল আগৰৱালা নামৰ এজন যুৱকৰ এখন ৰেস্তোৰাঁ আছে। মঙ্গলবাৰে নিশা তালৈ এটি অর্ডাৰ ল’বলৈ যায় উক্ত ডেলিভাৰী বয়জন। আৰক্ষীয়ে জনোৱা মতে, দুটি খাদ্যৰ অর্ডাৰ দিয়া আছিল। তাৰে ভিতৰত এটি খাদ্য তৈয়াৰ হৈ গ’লেও অন্য খাদ্যটি দিওঁতে অলপ পলম হয়। সেই ঘটনাক লৈয়েই ৰেস্তোৰাঁখনৰ এজন কর্মচাৰীৰ সৈতে কাজিয়াত লিপ্ত হয় ডেলিভাৰী বয়জন। ঘটনাৰ মধ্যস্থতা কৰিবলৈ আহে সুনীল। তেতিয়াই ডেলিভাৰী বয়জনে তেওঁৰ মূৰত গুলীয়াই বুলি অভিযোগ। লগে লগে ৰেস্তোৰাঁৰ কর্মচাৰীয়ে সুনীলক হস্পিটেললৈ লৈ গ’লেও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
বিশাল পাণ্ডে নামৰ এগৰাকী আৰক্ষী বিষয়াৰ মতে, ‘‘মৃতকৰ পৰিয়ালে লিখিত অভিযোগ দাখিল কৰিছে। ঘটনাৰ পিছৰ পৰাই অভিযুক্ত পলাতক। চিচি টিভিৰ ফুটেজ চাই তেওঁৰ সন্ধান চলোৱা হৈছে। খাদ্য ডেলিভাৰী কোম্পানীটোৰ সৈতেও যোগাযোগ কৰা হৈছে। ইয়াৰ আঁৰত অন্য কোনো কাৰণ আছে নেকি সেয়াও তদন্ত কৰা হৈছে।’’











