![]()
নিউজ ডেস্কঃ
কৰোনা ভাইৰাছৰ আৰু এটি নতুন প্ৰজাতিৰ সন্ধান লাভ কৰা গৈছে দক্ষিণ আফ্রিকাত। নিজৰ স্পাইক প্রোটিনবোৰ অস্বাভাৱিক দ্রুতগতিত বাৰে বাৰে সলনি কৰিব পাৰে কৰোনা ভাইৰাছৰ এই নতুন প্ৰজাতিয়ে। ডেল্টাসহ অন্য প্ৰজাতিবোৰৰ এই নিজকে সলনি কৰাৰ হাৰৰ প্ৰায় দুগুণ গতি দেখা গৈছে এই নতুন প্ৰজাতিত।
ফলত মানৱ শৰীৰত থকা শত্রু প্রতিৰোধী এন্টিবডিবোৰক এই নতুন প্ৰজাতিয়ে ধ্বংস কৰিব পাৰে আৰু বেছি দক্ষতাৰে। সেয়ে অধিক দ্রুত সংক্রমণৰ আশঙ্কা বাঢ়ে।
আমেৰিকাৰ ‘নেচনেল ইনষ্টিটিউট ফৰ কমিউনিকেব্ল ডিজিজেছ (এনআইচিডি)’ৰ তৰফৰ পৰা সোমবাৰে এই কথা জনাইছে। এই নতুন প্ৰজাতিটোৰ নাম দিয়া হৈছে ‘চি.১.২’।











