![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্রৰ পালঘৰৰ কেইজনমান মাছমৰীয়াই সম্প্রতি সমুদ্রত মাছ ধৰিবলৈ গৈছিল। গভীৰ সমুদ্রত বিভিন্ন মাছৰ লগতে তেওঁলোকে পায় ১৫৭টা ঘোল মাছ। এই মাছেই এতিয়া সলনি কৰি দিলে মাছমৰীয়া কেইজনৰ জীৱন। মাছকেইটা বিক্ৰী হয় ১ কোটি ৩৩ লাখ টকাত।
২৮ আগষ্টৰ সন্ধ্যা হাৰবা দেৱীৰ পৰা মাছ ধৰাৰ উদ্দেশ্যে ৰাওনা হৈছিল চন্দ্রকান্ত তাৰে। লগত লৈ গৈছিল ৮জন সহকর্মীক। সেই যাত্রাতেই তেওঁলোকৰ জালল পৰে এই মূল্যৱান মাছকেইটা। তাৰ পিছত পালঘৰৰ মুৰবে অঞ্চলত নিলামত দিয়া হয় ওই মাছকেইটা। তাতেই উত্তৰ প্রদেশ আৰু বিহাৰৰ ব্যৱসায়ীয়ে ক্ৰয় কৰে মাছকেইটা।
ঘোল মাছ ‘চী গল্ড’ নামেৰেও পৰিচিত। ইয়াৰ বৈজ্ঞানিক নাম ‘প্রোটোনিবিয়া ডায়াকানথুছ’। এই মাছৰ প্রত্যেকটি অংশ ঔষধ আৰু প্রসাধন উৎপাদনত ব্যৱহাৰ হয়। ঔষধ, প্রসাধন, শৰীৰৰ সৈতে মিলি যোৱা চিলাইৰ সূতাসহ বিভিন্ন সামগ্ৰী উৎপাদনত ব্যৱহাৰ কৰা হয় এই মাছ। হংকং, মালয়েছিয়া, থাইলেণ্ড, ইণ্ডোনেছিয়া, ছিঙ্গাপুৰ, জাপানত এই মাছৰ প্ৰচুৰ চাহিদা আছে। কিন্তু প্ৰদূষণৰ বাবে বহু কমি গৈছে ঘোল মাছ।










