![]()
নিউজ ডেস্কঃ
সম্পূৰ্ণ ১৫ দিন ধৰি নিখোঁজ হৈ থকাৰ পিছত বুধবাৰে এগৰাকী মহিলাৰ বস্তাত বান্ধি থোৱা মৃতদেহ উদ্ধাৰ হ’ল এটা পুখুৰীত। ঘটনাটো পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ। আৰক্ষীৰ অনুমান, সম্পত্তি হাত কৰিবলৈয়ে ৮৫ বছৰীয়া মহিলাগৰাকীক হত্যা কৰি বস্তাক ভৰাই মৃতদেহ পুখুৰীত পেলাই দিছিল তেওঁৰ দুই ভতিজাকে। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ দুই ভতিজাক আৰু দুই সঙ্গীসহ মুঠ চাৰিজনক আৰক্ষীয়ে আটক কৰিছে।
আৰক্ষী সূত্রে জানিব পৰা মতে, বিগত ১৫ আগষ্টৰ পৰা নিখোঁজ হৈ আছিল মৌলিমুকুন্দপুৰৰ বাসিন্দা সৰলা নস্কৰ। কেইবা বছৰ আগতে মৃত্যু হয় তেওঁৰ স্বামীৰ। তেওঁ নিঃসন্তান আছিল। অভিযোগ, সৰলাৰ দুই ভতিজাক অধীৰ আৰু সুধীৰ নস্কৰে খুৰীয়েকৰ সম্পত্তি হস্তগত কৰাৰ ষড়যন্ত্ৰ ৰচে। ইয়াৰ বাবেই তেওঁলোকে সৰলাক হেঁচা প্ৰয়োগ কৰি আছিল বুলিও অভিযোগ। কিন্তু ভতিজাকৰ হাতলৈ সম্পত্তি হস্তান্তৰ কৰিবলৈ মহিলাগৰাকী ৰাজী হোৱা নাছিল। ইয়াৰ পিছত যোৱা ১৫ আগষ্টৰ পৰা তেওঁ নিখোঁজ হয়। তেওঁৰ আত্মীয়সকলে বহু বিচাৰ-খোচাৰ কৰিলেও সৰলাৰ কোনো খবৰ নাপায়। ইয়াৰ পিছত স্থানীয় আৰক্ষী থানাত সন্ধানহীনৰ অভিযোগ দিয়া হয়।
কিন্তু বুধবাৰে অঞ্চলটোৰ এটা পুখুৰীত এটি বস্তা দেকা পায় স্থানীয় বাসিন্দাসকলে। খবৰ দিয়া হয় আৰক্ষীক। আৰক্ষীয়ে আহি বস্তাৰ ভিতৰৰ পৰা সৰলাৰ গেলা-পচা মৃতদেহটো উদ্ধাৰ কৰি পোষ্টমৰ্টেমৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। সুধীৰ আৰু অধীৰসহ চাৰিজনক সোধাপোছা আৰম্ভ কৰিছে।











