![]()
নিউজ ডেস্কঃ
চৰকাৰ গঠনই হোৱাই নাই, তাৰ আগতেই ক্ষমতাৰ ভাগক লৈ তালিবানৰ গোষ্ঠীবিৰোধ প্রকাশ হ’ল। সংবাদ সংস্থাৰ সূত্র মতে, মন্ত্রীসভাত স্থান পোৱাক লৈ হাক্কানি গোট আৰু কাণ্ডাহাৰৰ মোল্লা ইয়াকুব গোটৰ মাজত মতবিৰোধে দেখা দিছে। যিয়ে চৰকাৰ গঠনৰ পূৰ্বেই অস্বস্তিত পেলালে তালিবানক।
তালিবানৰ সেনাবাহিনীৰ দায়িত্বত আছে মোল্লা ইয়াকুব গোট। নতুন চৰকাৰৰ মন্ত্রীসভাত স্থান দিয়াৰ দাবী জনাইছে তেওঁলোকে। কিন্তু হাক্কানি গোটে তাত নিজৰ প্রভাৱ খটুওৱাৰ চেষ্টা কৰা বুলি অভিযোগ উঠিছে। কেৱল সেয়াই নহয়, মোল্লা ইয়াকুবে স্পষ্টভাৱে জনাইও দিছে, ডোহাত প্রধান কার্যালয়ত বহি থকাসকলৰ হুকুম শুনিবলৈ তেওঁ ৰাজী নহয়।
কেৱল হাক্কানি বা ইয়াকুব গোটেই নহয়, এটা এটাকৈ তালিবানৰ অন্য গোটবোৰেও নিজৰ অধিকাৰক লৈ সৰৱ হ’বলৈ আৰম্ভ কৰিছে। তাৰ ফলতেই সন্দেহৰ ক’লা মেঘ দেখিছে তালিবানৰ শীর্ষ নেতাসকলে। পুনৰ আৰু এক গৃহযুদ্ধৰ সম্মুখীন হ’ব নেকি সেই আশঙ্কাও দেখা দিছে তালিবানৰ ভিতৰ মহলত। উল্লেখ্য, ১৯৯৬ চনত তালিবান যেতিয়া আফগানিস্তানৰ ক্ষমতালৈ আহিছিল, তেতিয়া গোষ্ঠীদ্বন্দ্বত জৰ্জৰিত হৈছিল তেওঁলোক। সূত্ৰ মতে, সেই ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰবাবে কাবুলত তালিবানৰ শীর্ষ নেতাসকলক লৈ বৈঠক অনুষ্ঠিত কৰিছিল তালিবান প্রধান হাইবাতুল্লা আখুন্দজাদাই।











