![]()
নিউজ ডেস্কঃ
ঘূৰ্ণীবতাহ ইডাৰ প্ৰকোপত শোচনীয় অৱস্থা নিউয়র্কত। ইতিমধ্যে ঘোষিত হৈছে জৰুৰী অৱস্থা। অবিৰাম বৰষুণ আৰু ইডা ঘূৰ্ণীৰ কবলত বিপৰ্যস্ত জনজীৱন। মাটিৰ ওপৰেৰে যাতায়াত বন্ধ হ’লেও বুধবাৰ পর্যন্ত চলি আছিল ছাবৱে অৰ্থাৎ মেট্ৰো সেৱা। কিন্তু শেহতীয়া খবৰ মতে, একাধিক ষ্টেচন ইতিমধ্যে পানীৰ তলত।
বাধ্য হৈ মেট্রোপলিটান ট্রেন্সপোর্টেচন অথৰিটিয়ে নিউয়র্ক চহৰত ছাবৱে সেৱা সম্পূৰ্ণ বন্ধ কৰি দিছে। ইতিমধ্যে ছাবৱেৰ ছাদ ফাটি পানী সোমোৱাৰ ভিডিও ভাইৰেল হৈছে৷ এতিয়ালৈ ইডাই প্ৰাণ কাঢ়িছে ৭জনৰ৷











