![]()
নিউজ ডেস্কঃ
কৰোনাৰ আতঙ্কৰ মাজতে উত্তৰ প্রদেশত অচিন জ্বৰত শিশুৰ মৃত্যুৰ ঘটনাৰ উচ্চপর্যায়ৰ তদন্তৰ নির্দেশ দিলে মুখ্যমন্ত্রী যোগী আদিত্যনাথে।
এসপ্তাহৰ ভিতৰত ৫০ শিশুৰ মর্মান্তিক মৃত্যু ঘটিছে। তাৰ ভিতৰত ফিৰোজাবাদ আৰু মথুৰাত সকলোতকৈ বেছি শিশু মৃত্যুৰ ঘটনা ঘটিছে। প্রথমতে মাত্রাধিক জ্বৰ হয় শিশুসকলৰ। তাৰ পিছত আৰম্ভ হয় অসহনীয় পেটৰ বিষ, বমি। কমি যায় প্লেটিলেট কাউন্ট। মাত্র দুই-তিনি দিনৰ ভিতৰতেই মৃত্যুৰ কোলাত ঢলি পৰিছে শিশু। ইতিমধ্যে দুয়োখন জিলাতেই স্বাস্থ্য বিভাগে শিবিৰ পাতি পৰ্যবেক্ষণ আৰম্ভ কৰিছে। পৰিস্থিতি চম্ভালিবলৈ হস্পিটেলত বিছনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৭-১৬ ছেপ্টেম্বৰ পৰ্যন্ত বিশেষ পৰ্যবেক্ষণ চলোৱাৰ নির্দেশ দিয়া হৈছে দুয়োখন জিলাতে।
উত্তৰ প্রদেশৰ চৰকাৰী ৰিপোর্ট অনুযায়ী, এই অচিন জ্বৰ আৰু শিশু মৃত্যুৰ নেপথ্যত আছে ডেঙ্গু, লেপটো স্পোৰোছিছ আৰু স্ক্রাব টাইফাছৰ আক্ৰমণ। অৱশ্যে কেৱল শিশুৱেই নহয়, মৃত্যু হৈছে প্রাপ্তবয়স্ক আৰু বয়স্কসকলৰো। সকলোৰে ক্ষেত্রত উপসর্গ একেই।
উত্তৰ প্রদেশৰ চৰকাৰী পৰিসংখ্যা অনুযায়ী, ১ ছেপ্টেম্বৰৰ পুৱা ৮টা পর্যন্ত মথুৰাত ৮টি শিশু আৰু ফিৰোজাবাদত ৪২টি শিশুৰ মৃত্যু হৈছে। অসুস্থ ১৮৪টি শিশুৰ শৰীৰৰ পৰা লোৱা নমুনা পৰীক্ষা কৰি ৯১ জনৰ ডেঙ্গু, ৪৮ জনৰ লেপটো স্পোৰোছিছ, ২৯ জনৰ স্ক্রাব টাইফাছৰ ভাইৰাছ পোৱা গৈছে।











