![]()
ইণ্টাৰনেচনেল ডেস্কঃ
জলাশয়ত ঘূৰি ফুৰা এটি ঘঁৰিয়াল পাৰৰ পৰা চাই আছে বহুতে। এটি সৰু ড্রোণো উৰুওৱা হৈছে ঘঁৰিয়ালটোৰ স্পষ্ট ছবি তোলাৰ বাবে। ড্রোণটো উৰি উৰি একেবাৰে ঘঁৰিয়ালটোৰ মুখৰ ওচৰ পাইছিলগৈ। তেনে সময়তে সকলোকে আচৰিত কৰি একে জাঁপে ড্রোণটো মুখত ভৰাই লয় ঘঁৰিয়ালটোৱে। তাৰ পিছত আৰম্ভ কৰে চোবাবলৈ। কিছু সময় পিছত দেখা যায় ঘঁৰিয়ালটোৰ মুখেৰে ধোঁৱা ওলাইছে।
সম্প্রতি এই ভিডিওটি ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। গুগলৰ চিইও সুন্দৰ পিচাইৰো দৃষ্টিত পৰিছে এই ভিডিওটি। তেওঁ নিজৰ টুইটাৰ একাউণ্টৰ পৰা শ্বেয়াৰো কৰিছে ভিডিওটি। কেলিফোর্নিয়াৰ এটি ড্রোণ প্রস্তুতকাৰক কোম্পানীৰ প্রাক্তন মুখ্য কাৰ্যবাহী বিষয়াইও টুইটাৰত শ্বেয়াৰ কৰিছে ভিডিওটি।
জানিব পৰা মতে, ঘটনাটি সংঘটিত হৈছে আমেৰিকাৰ ফ্লোৰিডাত। ঘঁৰিয়ালে গিলা ড্রোণটোৰ নিয়ন্ত্রণজনে কৈছে, ‘‘ভাবিছালো ড্রোণৰ ছেন্সৰে ড্রোণটোক নিৰাপদ দূৰত্বত আঁতৰাই ৰাখিব। সেইবাবেই ইমান ওচৰৰ পৰা ঘঁৰিয়ালৰ ফটো তোলাৰ চেষ্টা কৰিছিলো। কিন্তু মুহূর্তৰ ভিতৰতে ঘঁৰিয়ালটোৱে ড্রোণটো গিলি পেলালে।’’










