নিউজ ডেস্কঃ
জিনগত পৰিৱৰ্তনৰ কাৰণে কৰোনা ভাইৰাছে ক্রমাৎ হেৰুৱাইছে মাৰণ ক্ষমতা। এই দাবী টীকা নির্মাতা কোম্পানী অক্সফোৰ্ড এষ্ট্ৰাজেনেকাৰ গৱেষক ডেম ছাৰা গিলবার্টৰ। তেওঁ কয়, ‘‘কৰোনাভাইৰাছৰ নতুন প্রজাতিবোৰ প্রাণঘাতী হৈ উঠাৰ ক্ষমতা বহুখিনি কম।’’
আগন্তুক দিনতো কৰোনা ভাইৰাছৰ দুর্বল হোৱাৰ এই প্রবণতা অব্যাহত থাকিব বুলি দাবী কৰিছে ডেমে। ব্রিটেইনৰ এক সংবাদপত্রক দিয়া সাক্ষাৎকাৰত অক্সফোর্ড এষ্ট্ৰাজেনেকাৰ গৱেষণাগাৰ ‘জেনাৰ ইনষ্টিটিউট’ৰ প্রধান ডেমে কয়, ‘‘শেষ পর্যন্ত ই সাধাৰণ জ্বৰৰ ভাইৰাছৰ স্তৰলৈ আহিব।’’