ষ্টাফ ৰিপ’ৰ্টাৰ:
লিডুত শুকান মাছৰ ব্যৱসায়ীৰ বাসগৃহত লাখে লাখে টকা।ৰাজপুতনা ৰাইফলচ- আৰক্ষীৰ অভিযানত ৪৭ লাখ ৫০ হাজাৰ টকা উদ্ধাৰকলৈ চাঞ্চল্য সৃষ্টি হৈছে । লিডু বজাৰৰ জগদীশ চৌহান নামৰ ব্যক্তিৰ গৃহত উদ্ধাৰ হৈছে টকাখিনি।
এক গোপন সূত্ৰৰ পমখেদি লিডু আৰক্ষী চকীৰ অন্তৰ্গত লিডু বজাৰৰ জগদীশ চৌহান নামৰ শুকান মাছৰ ব্যৱসায়ীৰ গৃহত কালি নিশা অতৰ্কিতে টিপংস্থিত ৰাজপুতনা ৰাইফলচ আৰু আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলায় । ড্ৰাগছ আৰু অস্ত্ৰ- শস্ত্ৰ সৰবৰাহত জড়িত থকাৰ সন্দেহতে অভিযান চলাই যদিও তেনেই সাধাৰণ জুপুৰী গৃহটোত তালাচী চলাওঁতে উদ্ধাৰ হয় টকাখিনি।
জগদীশ চৌহান ৭০ উৰ্ধৰ ব্যক্তিজনে উক্ত ধন শুকান মাছৰ ব্যৱসায়েৰে উপাৰ্জন কৰা তথা উক্ত ধন ঘৰ বনাবলৈ জমা কৰি ৰখা বুলি মন্তব্য প্ৰকাশ কৰিছে । পকী ঘৰ বনাবলৈ এটি জৰাজীৰ্ণ গৃহত ৪৭ লাখ ৫০ হাজাৰকৈ টকা নগদ ৰখাকলৈ প্ৰশ্ন উত্থাপন হৈছে ।
এই সন্দৰ্ভত আৰক্ষীয়ে-সেনাই সংবাদমাধ্যমৰ আগত বাতৰি প্ৰস্তত কৰা সময়লৈকে কোনো মন্তব্য প্ৰকাশ কৰা নাই । সমগ্ৰ ঘটনাটোৱে আজিও সমগ্ৰ তিনিচুকীয়া জিলাখনতে ৰহস্যয়ৰ সৃষ্টি কৰিছে। অন্যহাতে এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কিছু বছৰ পূৰ্বে নিষিদ্ধ ঘোষিত উগ্ৰপন্থী আলফাৰ লগত যোগাযোগ ৰক্ষাৰ নামট জগদীশক আৰক্ষী আটক কৰিছিল।
অৱশ্যে আৰক্ষীৰ তদন্তহে প্ৰকৃত কাৰণ জানিব পৰা যাব । উল্লেখ যে অৰুণাচল মেও আৰু মাৰ্ঘেৰিটা লিডু আদি অঞ্চলত সুদীৰ্ঘ দিন ধৰি অতি সাধাৰণ ভাৱে শুকান মাছৰ ব্যৱসায় কৰি আহিছিল ৭০ উৰ্ধৰ ব্যক্তিৰ জনে। তেনে এজন সাধাৰণ ব্যক্তিৰ গৃহত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰৰ ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে ।