![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ ঘটনাৰ প্রতিবাদত ৰে’ল অৱৰোধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংযুক্ত কিষাণ মর্চাই। কৃষক সংগঠনটোৰ অন্যতম নেতা যোগেন্দ্র যাদৱে টুইটত জনাইছে, ‘লখিমপুৰৰ খেৰীৰ ঘটনাৰ প্রতিবাদত অহা ১৮ অক্টোবৰত ৰে’ল অৱৰোধৰ আহ্বান জনোৱা হৈছে। সমগ্ৰ ভাৰতজুৰি ৰে’ল অৱৰোধ কৰিব সংযুক্ত কিষাণ মর্চাই। আনহাতে, উক্ত হিংসাৰ ঘটনাৰ প্রতিবাদত ১৫ অক্টোবৰত সমগ্ৰ দেশ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ পুত্তলিকা দাহ কৰিব কৃষক সংগঠনবোৰে।’










