![]()
নিউজ ডেস্কঃ
থাইলেণ্ডৰ মাছমৰীয়া নাৰং ফেটচাৰাজে মাহত খুব কষ্টেৰে ২০ হাজাৰ টকা উপাৰ্জন কৰে। কিন্তু হঠাৎ তেওঁ ১০ কোটি টকাৰ মালিক হৈ পৰে। ইয়াক লটাৰিও বুলিব পাৰে বা নুবুলিবও পাৰে। আচলতে তেওঁ সন্ধান লাভ কৰে তিমি মাছৰ বমি, যাৰ মূল্য ১০ কোটি টকা! শুনিলে আচৰিত হ’লেও এয়াই প্ৰকৃত সত্য।
সমুদ্রত মাছ ধৰি উভতিছিল নাৰং। চুৰাট থানি প্রভিন্সৰ নিয়োম উপকূলত তেওঁৰ হঠাৎ দৃষ্টিত পৰে শিল ৰদৰে এটি বস্তু। কিন্তু বস্তুটো কি সেই সম্পর্কত নাৰঙৰ প্ৰথমতে কোনো ধাৰণাই নাছিল। তথাপি সন্দেহবশত ওচৰলৈ গৈ ভালদৰে পৰীক্ষা কৰে তেওঁ। শিলৰ দৰে দেখাত হ’লেও মমৰ দৰে উপাদান দেখি নাৰং নিশ্চিত হয় যে সেয়া তিমি মাছৰ বমিয়ে হ’ব। তাৰ পিছত সেইটো লৈ তেওঁ প্রিন্স অব ছোংক্লা বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলৰ ওচৰলৈ যায়। বিশেষজ্ঞসকলৰ পৰীক্ষাৰ পিছত জনা গ’ল যে সেইটো আন একো নহয়, তেওঁ পোৱা পাথৰৰ মূল্য ১০ কোটি টকা।
বিশেষজ্ঞসকলৰ মতে, উক্ত বস্তুবিধৰ নাম এমবাৰগ্রিছ৷ স্পার্ম জাতীয় তিমি মাছৰ বমি যিটো জমা হৈ হৈ শক্তিশালী হৈ যায় আৰু সমুদ্রত ওপঙি উঠে। নাৰঙে পোৱা উক্ত এমবাৰগ্রিছৰ ওজন ৩০ কেজি।










