![]()
নিউজ ডেস্কঃ
মুম্বাইত চলন্ত ৰে’লৰ ভিতৰতে এগৰাকী মহিলাক গণধর্ষণৰ অভিযোগ উঠিল ৮ দুষ্কৃতিকাৰীৰ বিৰুদ্ধে। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে এই ঘটনাত ৪ জনক গ্রেপ্তাৰ কৰা হৈছে যদিও বাকী ৪ জন এতিয়াও পলাতক। তেওঁলোকৰ সন্ধান তালাচী অভিযান আৰম্ভ কৰা বুলিও আৰক্ষী সূত্ৰত প্ৰকাশ।
জানিব পৰা মতে, লক্ষ্ণৌ-মুম্বাইগামী পুষ্পক এক্সপ্রেছত হঠাতে উঠি আহে দুষ্কৃতিকাৰী।
ৰে’লখন ইগতাপুৰী নামৰ এক হল্ট ষ্টেচনত বহু সময় ৰখিছিল। সেই সুযোগতেই জোৰপূৰ্বক ৰে’লৰ দবাত প্ৰৱেশ কৰে অভিযুক্ত কেইজন। আৰম্ভ হয় লুটৰাজ। প্ৰায় ২০ জনৰ পৰা বিভিন্ন সামগ্ৰী কাঢ়ি লয় উক্ত ৮ দুষ্কৃতিকাৰীয়ে। যাত্রীসকলে জনোৱা মতে, তেওঁলোকৰ প্রত্যেকৰে হাতত চোকা অস্ত্ৰ আছিল। ৫ জন যাত্রী উক্ত অস্ত্রৰ আঘাতত জখমো হয়।
ইয়াৰ পিছতেই দবাত থকা এগৰাকী ত্ৰিশোর্ধ্বৰ মহিলাৰ ওপৰত জঁপিয়াই পৰে সিহঁত। প্রায় আধাঘণ্টা ধৰি তেওঁৰ ওপৰত যৌন নির্যাতন চলায়। ইজনৰ পিছত সিজনে মহিলাগৰাকীক ধর্ষণ কৰে। ৰে’লখন কাছাৰা ষ্টেচনে পোৱাৰ লগে লগেই যাত্রীসকলে ততাতৈয়াকৈ এলার্ম চেইন টানে। লগে লগে তাত উপস্থিত হয় জিআৰপি। কাছাৰা ষ্টেচনত গ্রেপ্তাৰ কৰা হয় দুই অভিযুক্তক। পিছত গ্রেপ্তাৰ হয় আৰু দুজন। বাকী অভিযুক্ত কেইজন এতিয়াও পলাতক। সিহঁতৰ সন্ধানত তালাচী আৰম্ভ হৈছে। লগতে ধৃত কেইজনক জেৰা চলি আছে।










