![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰত পুনৰ সক্রিয় সন্ত্ৰাসবাদী। সোমবাৰে পুঞ্চ জিলাত নিৰাপত্তা বাহিনীৰ সৈতে সন্ত্ৰাসবাদীৰ সংঘর্ষত ছহিদ হয় এজন সেনা বিষয়া আৰু চাৰিজন জোৱানৰ। চোৰাংচোৱা সংস্থাৰ পৰা ব্যাপক অস্ত্র-শস্ত্রৰে সজ্জিত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰি চুৰ ৰানকোটৰ ওচৰৰ ডেৰা কিন গলিৰ ওচৰত এখন গাঁৱত অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে। পুৱতি নিশাৰ এই অভিযান আৰম্ভ হোৱাৰ লগে লগেই আঘাত হানে সন্ত্ৰাসবাদীয়ে। আৰম্ভ হয় গুলীয়াগুলী।
এজন জুনিয়ৰ কমিছনড অফিচাৰ (জেচিও) আৰু অন্য চাৰিজন সেনাকর্মী গুলীবিদ্ধ হয়। শেষ খবৰ পোৱা পর্যন্ত সন্ত্ৰাসবাদীৰ সৈতে সংঘর্ষ চলি আছে। আনহাতে, কাশ্মীৰৰ অনন্তনাগ আৰু বান্দিপোৰাত সেনাৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যু হৈছে দুই সন্ত্ৰাসবাদীৰ।










