![]()
নিউজ ডেস্কঃ
কেইদিনমান পূৰ্বে আফগানিস্তানৰ কুন্দুজ প্রদেশৰ এটি মছজিদত বোমা বিস্ফোৰণত শতাধিক লোকৰ মৃত্যু হয়। উক্ত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে আইচিছে। উক্ত ঘটনাৰ পিছত সোমবাৰে আমেৰিকা আৰু ব্রিটেইনে আফগানিস্তানত থকা তেওঁলোকৰ নাগৰিকসকলক হোটেলত নাথাকিবলৈ সাৱধান বাণী দিছে। মার্কিন আৰু ব্রিটিছ নাগৰিকসকলক সতর্ক কৰি দি কোৱা হৈছে, আফগানিস্তানৰ বিশেষকৈ কাবুলৰ হোটেলবোৰ আইচিছৰ লক্ষ্যত আছে। সেয়ে সেইবোৰত নথকাই মঙ্গল।
কাবুলৰ বিখ্যাত ছেৰেনা হোটেলৰ কথা উল্লেখ কৰি ইউএছ ষ্টেট ডিপার্টমেন্টৰ বক্তব্য, যিসকল মার্কিন নাগৰিক ছেৰেনা হোটেলত বা তাৰ ওচৰে-পাজৰে আছে, তেওঁলোকে যেন অবিলম্বে সেই স্থান ত্যাগ কৰে। ব্রিটেইনৰ ফৰেইন, কমনৱেলথ এণ্ড ডেভেলপমেন্ট অফিচৰ পৰা দিয়া বিবৃতিত কোৱা হৈছে যে ‘বিপদ আশংকা বৃদ্ধি পোৱাত আপোনালোকলৈ পৰামর্শ, হোটেলত নাথাকিব, বিশেষকৈ কাবুলত।’










