![]()
নিউজ ডেস্কঃ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপদেষ্টা হিচাবে নিযুক্ত হ’ল তথ্য আৰু সম্প্রচাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ প্রাক্তন সচিব অমিত খাৰে। ১৯৮৫ বেটচৰ আইএএছ খাৰেই যোৱা ৩০ ছেপ্টেম্বৰত শিক্ষা মন্ত্ৰালয়ৰ সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
মঙ্গলবাৰে খাৰেক প্রধানমন্ত্রীৰ উপদেষ্টা পদত নিয়োগত অনুমোদন দিছে মন্ত্ৰী পৰিষদৰ নিয়োগ কমিটিয়ে। তেওঁক দুই বছৰৰ বাবে এই পদত নিয়োগ কৰা হৈছে বুলি নিয়োগ কমিটিৰ বিবৃতিত জনোৱা হৈছে।










