![]()
নিউজ ডেস্কঃ
বিগত সপ্তাহত ৪৮ ঘণ্টাৰ ভিতৰত সন্ত্ৰাসবাদীৰ লক্ষ্য হৈছে পাঁচজন সাধাৰণ লোক। ইয়াৰ পিছৰ পৰাই উপত্যকাটোত নিছিদ্ৰ তালাচী আৰম্ভ কৰে জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে। মঙ্গলবাৰে টুইটাৰত আৰক্ষীয়ে জনোৱা মতে, ছপিয়ানত তেওঁলোকৰ গুলীত নিহত হৈছে আৰু ২ সন্ত্ৰাসবাদী। বিগত ৩৬ ঘণ্টাত এই লৈ পঞ্চম এনকাউন্টাৰ হ’ল জম্মু-কাশ্মীৰত।










