![]()
নিউজ ডেক্স:
বিজয়া দশমীৰ আনন্দ উল্লাসৰ মাজতে আজি ৰঙিয়াত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় এগৰাকী মহিলাৰ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত নলবাৰী অভিমুখী দ্ৰুতবেগী বাইকে খুন্দিওৱাত মহিলা গৰাকী নিহত হয় ।
মৃত মহিলাগৰাকী হৈছে উদিয়ানাৰ চলেমা বিবি (৫৫) । জানিব পৰা মতে ৰাষ্ট্ৰীয় ঘাইপথটোত বিপৰীত দিশৰ পৰা অহা তীব্ৰ বেগী ট্ৰেক্টৰ অহাত বাইক আৰোহীজনে নিয়ন্ত্ৰণ হেৰুৱাই মহিলা গৰাকীক খুন্দিয়ায় । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰোহীজনে বাইক লৈ নলবাৰী অভিমুখে পলায়ন কৰে ।
ইফালে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ উজাৰে । নৈৰ পৰা অবৈধভাৱে মাটি কঢ়িয়াই ভুল দিশেৰে অহা ট্ৰেক্টৰৰ বাবে এনেদৰে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি অভিযোগ কৰে । ইয়াৰ পিছতো আৰক্ষীয়ে ট্ৰেফিক আইন নমনা উদণ্ড ট্ৰেক্টৰ চালকসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই বুলি ক্ষোভ উজাৰে ।













