![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অহা ৩০অক্টোবৰত অসম বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ। ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰা কেইবাজনো প্ৰাৰ্থীয়ে প্ৰত্যাহৰ কৰিলে মনোনয়ন। ৫ টা সমষ্টিৰ বাবে মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ৰূপে বিবেচিত হোৱাৰ পিছত ইয়াৰে ৮ জন প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহৰ কৰিছে ।
২৮ নং গোসাইগাঁ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব ক্ৰমে ইউ পি পি এলৰ জিৰোন বসুমতাৰীস বি পি এফৰ ধ্ৰুৱ কুমাৰ ব্ৰহ্ম, কংগ্ৰেছৰ জুৱেল টুডু, এ আই ইউ ডি এফৰ খাইৰুল আনাম খণ্ডকাৰ, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ আব্দুল হাছেম আকন্দ আৰু নিৰ্দলীয়ভাৱে উত্তম কুমাৰ তালুকদাৰ, কমল ৰয় আৰু ওছমান গনি শ্বেখ।
৫৮ নং তামুলপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ইউ পি পি এলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভাটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলৰ ৰাজকুমাৰ বড়ো, নিৰ্দলীয়ভাৱে গনেশ কছাৰী আৰু যশোৱন্ত চৌহানে।
১০১ নং মৰিয়নী বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিজেপিৰ ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰ আৰু নিৰ্দলীয়ভাৱে সঞ্জীৱ গগৈয়ে।
আনহাতে ১০৭ নং থাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিজেপিৰ হৈ সুশান্ত বৰগোহাঁই, কংগ্ৰেছৰ মনোৰঞ্জন কোঁৱৰ, কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়াৰ কৃষ্ণ গগৈ, নিৰ্দলীয়ভাৱে ধৈৰ্য কোঁৱৰ আৰু লোহিত গোৱালাই।













