![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৬৯জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩২৭৯১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৬৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৬১জন কামৰূপ মেট্ৰ’ৰ, ৩৩জন বৰপেটাৰ, ২৭জন যোৰহাটৰ আৰু ২০জন গোলাঘাটৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮২ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৫ জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৯০জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৫ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৬২৬৩ জনলৈ বৃদ্ধি পাইছে।













