![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : কেমেৰামেনৰ কৰ্ম ব্যস্ততাৰ আধাৰত প্রস্তুত কৰা নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ শীৰ্ষ গীতটি আজি জনসাধাৰণৰ বাবে মুকলি কৰা হয় । এই উপলক্ষে নগাঁও প্ৰেছ ক্লাবত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা কৰা সভাত নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ ”এটা কেমেৰা লৈ মই ফুৰো” শীৰ্ষ ভিডিঅ গীতটি উন্মোচন কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে।
অনুষ্ঠানটি শুভাৰম্ভ কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক আৰূপ মান্নাই কয় যে গীত, নাটক,চিনেমা কিম্বা ছবি আদিৰ ভাল অথবা বেয়াটো জনসাধাৰণৰ মাজলৈ যোৱাৰ পাচতহে গম পোৱা যায়। কাৰণ ইয়াৰ সফলতা – বিফলতা জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে।
আনহাতে সৃষ্টি কৰোতাজনক প্ৰকৃত সমালোচক বুলি উল্লেখ কৰি বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা গৰাকীয়ে কয় যে কিবা এটা বস্ত্ত সৃষ্টি কৰাৰ পাচতহে বস্ত্তটোৰ ভাল বেয়া দিশটো সৃষ্টি কৰোতাজনে অনুধাৱন কৰিব পাৰে । আনহাতে কেমেৰা লৈ ফুৰা লোকজনক সাধাৰণ অৰ্থত মানুহে কেমেৰামেন বুলি সম্বোধন কৰিলেও কেমেৰামেনজনৰ মাজত এক শিল্পী সত্বা সোমাই থাকে।
তেওঁ এক বিশ্বমুখী চিন্তাৰে ফটোগ্ৰাফাৰ অথবা কেমেৰামেন সকলক আগবাঢ়ি যাৱলৈ আহ্বান জনায়। ইপিনে শীৰ্ষ গীতটি উন্মোচন কৰি নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ এনে প্ৰচেষ্টাৰ শলাগ লৈ কয় যে কেমেৰাৰ পিছফালে থাকি এজন ফটোগ্ৰাফাৰ অথবা কেমেৰামেনে অতি নিষ্ঠাৰে বিভিন্ন গুৰুত্বপূৰ্ণ ফটো সংগ্ৰহ কৰে। প্ৰসংগক্ৰমে জিলা উপায়ুক্ত গৰাকীয়ে ছবিয়ে কথা কয় বুলি উল্লেখ কৰি লগতে কয় যে হেজাৰটা শব্দৰে প্ৰকাশ কৰিব নোৱৰা একোটা ঘটনা এখন ফটোৰ জৰিয়তে প্ৰকাশ পায়।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সময়ত শব্দতকৈ ছবি বেছি শক্তিশালী হয় বুলি মন্তব্য কৰি লগতে কয় যে একোখন ফটোৱে সমাজত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰিব পাৰে । অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিক জিতেন বৰকটকীয়ে একোটা অনুষ্ঠানৰ শীৰ্ষ গীতটিয়ে অনুষ্ঠানটোৰ ভাৱধাৰা, অস্তিত্ব,চেতনাবোধ আদিক প্ৰতিনিধিত্ব কৰে বুলি মন্তব্য কৰে।
শিল্পী পাপু কলিতাই আঁত ধৰা অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি যাদৱ শইকীয়া,সম্পাদক অজিত শইকীয়া, নগাঁও ফটোগ্ৰাফাৰ এছ’চিয়েচনৰ সভাপতি অসীম কুণ্ডু,সম্পাদক কানু লস্কৰ, সুৰকাৰ চন্দন বেজবৰুৱা ,কন্ঠ শিল্পীদ্বয় মনমীত মহন্ত আৰু মনদ্বীপ মহন্তৰ উপৰি ভালেসংখ্যক লোক উপস্থিত থাকে ।
উল্লেখ্য যে কানুৰ পৰিকল্পনা আৰু পাপু কলিতাই ৰচনা কৰা ‘এটা কেমেৰা লৈ মই ফুৰো’ গীতটিত কন্ঠদান কৰিছে মনমীত-মনদ্বীপে । গীতটিৰ সুৰকাৰ চন্দন বেজবৰুৱা আৰু ব্যৱস্হাপনা অভিজিৎ ধৰৰ। আনহাতে আজিৰে পৰা এই গীতটি ইউ টিউবত উপলব্ধ হব ।













