![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত পাটগাঁৱৰ ৰাণী ঘাইপথত এখন টেম্প আৰু এখন ইণ্ডিগ’ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ৬ গৰাকী লোক গুৰুত্বৰভাৱে আহত হয়। ঘটনাস্থলীত আজাৰা থানাৰ যান-বাহন আৰক্ষী উপস্থিত হৈ যাত্ৰীসকলক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে।
কিন্তু, পৰৱৰ্তী সময়ত অধিক সংকটজনক অৱস্থাত থকা সকলক জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। টেম্প বাহনখনৰ নম্বৰখনৰ হৈছে AS 25 EC 3115 আৰু ইণ্ডিগ’ বাহনখনৰ নম্বৰ হৈছে AS01EB3895। জি এম চি এইচত চিকিৎসাধীন যাত্ৰী ক্ৰমে বৰষা ৰাণী বসুমাতাৰী (২৬),গুঞ্জন স্বৰ্গয়াৰী(১৭),মঞ্জু স্বৰ্গয়াৰী(৪০),শান্তি বিজু ওৰাং(২৮),আজিজুৰ ৰহমান(২৯) আৰু পঙ্কজ দত্ত (৩৯)বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । আনহাতে দূৰ্ঘটনাগ্ৰস্থ গাড়ী দুখন আজাৰা আৰক্ষীয়ে জব্দ কৰি থানালৈ আনে যদিও ইণ্ডিগ’ৰ চালক গৰাকী দূৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে













