![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
আমিন গাঁওত সুৰাসক্ত যুবকক মৰিয়াই মৰিয়াই হত্যা। আমিন গাঁওৰ কালিবাৰীত সুৰজ সিং (১৯) নামৰ যুবকক হত্যাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সুৰজ সিং নামৰ যুবক জনক ৰাজু কুমাৰ পেটেল আৰু পৰিয়ালৰ সদস্যই মাৰপিট কৰাৰ অভিযোগ ।
ৰাজু পেটেলৰ পুত্ৰ বিছু পেটেল ,কন্যা পূজা পেটেল আৰু ৰাজু পেটেলৰ পত্নীয়ে সুৰজক দশমী পূজাত কৰিছিল অমানুষিক নিৰ্যাতন । দশমীৰ দিনা সুৰজ সিং সুৰাসক্ত হৈ ৰাজু কুমাৰ পেটেলৰ ঘৰৰ সমুখত গালি গালাজ কৰাকলৈ অতিষ্ঠ হৈছিল ৰাজু পেটেলৰ পৰিয়াল । সুৰজ সিঙে সুৰাপান কৰি হুলস্থূল কৰাৰ অভিযোগত ৰাজু কুমাৰ পেটেল আৰু পুত্ৰ বিছু পেটেল আৰু কন্যা পূজা পেটেলে নিজ ঘৰৰ চৌহদত নৃশংসভাবে নিৰ্যাতন চলায় ।
প্ৰত্যক্ষদৰ্শীৰ অভিযোগ সুৰজক মাটিত বগৰাই গছকি গছকি চলোৱা হৈছিল নিৰ্যাতন । পিছত সুৰজ সিংঙক মুমুৰ্ষ অবস্থাত ভৰ্তি কৰা হৈছিল জি এম চি এইচত । চিকিৎসালয়ৰ বিছনাত দুদিন চিকিৎসাৰ অন্তত আজি তিনি বজাত সুৰজ সিঙৰ চিকিৎসালয়ত মৃত্যু হয় । সুৰজ সিঙৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে উত্তপ্ত হৈ পৰে আমিন গাওঁ কালিবাৰী ।
ৰাইজে অভিযুক্তৰ ৰাজু পেটেলৰ ঘৰৰ ফালে চোচা লয় ।উত্তেজিত ৰাইজে ৰাজু পেটেলৰ ঘৰৰ চৌহদত প্ৰবেশ কৰি লণ্ড ভণ্ড কৰাৰ চেষ্টা কৰি আৰক্ষীৰ তৎপৰতাত বিফল হয় । ঘটনাস্থলীত দণ্ডাধীশ ৰশ্মি প্ৰতাপ সিং আৰু কামৰূপ উপ আৰক্ষী অধিক্ষক কল্যাণ পাঠকসহ আৰক্ষীৰ এক বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে । ঘটনাস্থলী অধিক উত্তপ্ত হোৱাৰ আশংকাত অৰ্ধসামৰিক বাহিনী মোটায়েন কৰা হয় ।
আৰক্ষীয়ে ৰাজুপেটেলৰ ঘৰৰ তলামৰা কোথা সমুহৰ তলা ভাঙি তন্ন তন্ন তালাচী চলায় । সুৰজ সিঙৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰকে পলায়ন কৰে নিৰ্যাতনকাৰী ৰাজু পেটেলৰ পৰিয়াল । ইফালে আমিন গাঁও আৰক্ষীয়ে ৭২ ঘণ্টা উকলি যোৱাৰ পিছতো অপৰাধীক কৰায়ত্ব কৰাত সদিচ্ছা নেদেখুৱাৰ অভিযোগ ৰাইজৰ ।
দশমীৰ কৰ্তব্যত ব্যস্ত থকা বুলি বিষয়টো এৰাই চলাৰ গুৰুতৰ অভিযোগ তোলে আমিন গাঁও আৰক্ষীৰ বিৰুদ্ধে যাৰ বাবে আজি ঘটনাস্থলীত উপস্থিত আৰক্ষী ৰাইজৰ ককৰ্থনাৰ সন্মুখীন হ’ল । বৰ্তমানেও আমিন গাওঁ কালিবাৰীত চেপা উত্তেজনাই বিৰাজ কৰিজে ।
অবশ্যে আৰক্ষীৰ উচ্ছ পদস্থ বিষয়াৰ লগতে অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰিছে । উল্লেখ্য যে ৰাজু কুমাৰ পেটেল পছৰীয়া HP পেট্ৰ’ল পাম্পৰ প্ৰবন্ধক ।













