![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
দহ টকাৰ বাবে এগৰাকী মহিলাক মৰিয়াই মৰিয়াই হত্যা কৰে চৰাইদেউ জিলাৰ চফ্ৰাই চাহ বাগিচাত৷দেওবাৰে সংঘটিত হয় হত্যাকাণ্ডটো ৷ঘটনাটো নিহত হোৱা মহিলা গৰাকী নাম অমৃতা কাঁৱাৰ(৪৫) ৷
মহিলা গৰাকীক এডাল বাঁহৰ টাঙোনেৰে বিজয় নায়ক নামৰ যুৱকজনে মূৰত উপৰ্যুপৰি প্ৰহাৰ কৰাত ঘটনাস্থলীতে মৃত্যু হয় মহিলা গৰাকীৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অভিযুক্ত বিজয় নায়ক আটক কৰিছে ৷অবৈধ চুলাই মদৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে ৷ইতিমধ্যে নিহত মহিলা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাবাবে প্ৰেৰণ কৰিছে ৷













