![]()
নিউজ ডেস্কঃ
উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰৰ আদালতৰ ভিতৰতে দুষ্কৃতিকাৰীৰ গুলীত প্রাণ গ’ল এজন অধিবক্তাৰ। দিন দুপৰতে কোনে কি উদ্দেশ্যত অধিবক্তাজনক হত্যা কৰিলে সেয়া অৱশ্যে এতিয়ালৈকে স্পষ্ট নহয়। উক্ত ঘটনাত ৰাজ্যখনৰ আইন-শৃঙ্খলাৰ অৱনতি সন্দৰ্ভত পুনৰ এবাৰ যোগী আদিত্যনাথৰ চৰকাৰৰ দিশে আঙুলি টোঁৱাইছে কংগ্রেছ আৰু বিএছপিয়ে। মৃত অধিবক্তাগৰাকীৰ নাম ভূপেন্দ্র সিং বুলি জানিব পৰা গৈছে। সোমবাৰে ছাহজাহানপুৰৰ জিলা আদালতৰ তিনি মহলাত তেওঁৰ মৃতদেহ পৰি থকা দেখা যায়। ওচৰতেই এটি দেশীয় পিস্তলো পৰি আছিল।
সূত্রৰ খবৰ মতে, অধিবক্তাজনে কাৰোবাৰ সৈতে কথা পাতি থাকোতে হঠাৎ এটি শব্দ শুনা যায়। তাৰ পিছত সকলো দৌৰি আহি দেখে যে অধিবক্তাজন মাটিত পৰি আছে। ঘটনাৰ খবৰ পায়েই তাত আহি উপস্থিত হয় বিশাল আৰক্ষী বাহিনী। আৰম্ভ হৈছে তদন্ত। আনহাতে, ছাহজাহানপুৰৰ আৰক্ষী অধীক্ষক এছ আনন্দে কয়, ‘প্রাথমিক খবৰ অনুযায়ী, মৃত্যুৰ সময়ত ব্যক্তিজন অকলেই আছিল। তেওঁৰ ওচৰে-পাজৰে কোনো নাছিল। কোনোৱে গুলী চলোৱাও দেখা নাই। ফৰেন্সিক দল তদন্তত নামিছে।










