![]()
নিউজ ডেস্কঃ
এটা মিউজিয়াম৷ য’ত আদ্যোপান্ত কেৱল মূল্যৱান, সুপ্রাচীন স্থানীয় সুৰা, সুৰাপানৰ পাত্র ! অবাক হৈছে নেকি? ৰ’ব ঠিক এনেদৰেই ভাৰতীয় পর্যটক আৰু সুৰাপ্রেমীসকলক চমক দিবলৈ বিচাৰিছে উদ্যোক্তাসকলে। তাৰ কাৰণে পাশ্চাত্যৰ দৰে দেশৰ প্রথম সুৰা মিউজিয়াম খুলিলে গোৱাত।
এই প্রথম কোনো মিউজিয়ামত সুৰাৰ ইতিহাস, শতাব্দী প্রাচীন সুৰা সংৰক্ষণৰ পাত্র ৰখা হৈছে। আছে গোৱাৰ বিখ্যাত সুৰা ‘ফেনি’ও। লগতে বিভিন্ন প্রাচীন শিল্পকর্ম দাঙি ধৰা হৈছে উত্তৰ গোৱাৰ কেণ্ডালিম গাঁৱৰ উক্ত মিউজিয়ামত। গোৱাৰ সুৰা-সংস্কৃতিক বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈয়েই মিউজিয়ামটো নিৰ্মাণ কৰিলে ব্যৱসায়ী নন্দন কুডচাডকৰে।










