![]()
নিউজ ডেস্কঃ
শিষ্যক হত্যাৰ দোষী সাব্যস্ত ডেৰা সাচ্চা চৌডা প্রধান গুৰমিত ৰাম ৰহিমক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিলে হাৰিয়ানাৰ পঞ্চকুলাৰ বিশেষ চিবিআই আদালতে। ২০০২ চনৰ উক্ত গোচৰত দোষী সাব্যস্ত অন্য চাৰি অপৰাধীকো সোমবাৰে একেই শাস্তি বিহা হৈছে।
যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে চিবিআই আদালতে ৰাম ৰহিমক ৩১ লাখ আৰু তেওঁৰ সহ-অপৰাধীসকলক ৫০ হাজাৰ টকাকৈ জৰিমনা বিহে। প্রায় দুই দশকৰ পুৰণি উক্ত গোচৰৰ ষষ্ঠ অভিযুক্তজনৰ কিছু দিন পূৰ্বে মৃত্যু হয়।

ৰোহটকৰ চুনাৰিয়া জে’লত কাৰাবন্দী তথাকথিত ধর্মগুৰুজনক ভিডিও কনফাৰেন্স শুনানিত হাজিৰ কৰোৱা হৈছিল। অশান্তিকৰ পৰিস্থিতিৰ আশঙ্কাত ৰোহটক, চিৰচাসহ বিভিন্ন এলেকাত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। উল্লেখ্য, ২০১৭ চনৰ আগষ্ট মাহত আশ্রমৰ ভিতৰত দুগৰাকী মহিলা শিষ্যক ধর্ষণ আৰু এগৰাকী সাংবাদিকক হত্যাৰ গোচৰত অপৰাধী ৰাম ৰহিমে বৰ্তমান ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰি আছে।










