![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : মধ্য অসমৰ অন্যতম অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালৰ একাদশ শ্ৰেণীৰ ছাত্ৰী সৃষ্টি ৰাণী টাইডে ‘সামাজিক ন্যায় আৰু অধিকাৰ মন্ত্ৰালয়’, ‘নীতি আয়োগ’, ‘আত্মনিৰ্ভৰ ভাৰত’, ‘ডিজিটেল ইণ্ডিয়া’ ৰ সহযোগত আৰু ৰাষ্ট্ৰীয় উৎপীড়ন বিৰোধ বিধিৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত ভাৰত ভূষণ সন্মানৰে সন্মানিত হয় ।
উৎপীড়নৰ বিৰুদ্ধে নিজৰ লিখনিৰে সজাগতা সৃষ্টি কৰাৰ লগতে সামাজিক মূল্যবোধৰ উৎকৰ্ষ সাধনত মনোনিবেশ কৰি অহাৰ স্বীকৃতি স্বৰূপে সৃষ্টি ৰাণী টাইডক এই সন্মান প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে ।যোৱা ১৭ অক্টোবৰত মধ্য প্ৰদেশ ৰ ভূপালত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সৃষ্টি ৰাণীয়ে এন এ এছ এফৰ চেঞ্চেলৰ ডা: দিকামৰাজা আৰু মহানিৰ্দেশক ডা: জে কে সুব্ৰমণিয়মৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে ।
উল্লেখ্য যে সৃষ্টি ৰাণী একেধাৰে কবি, লেখক, গীতিকাৰ আৰু তেওঁৰ সেই প্ৰতিভা আঁঠটা ভাৰতীয় ভাষাত প্ৰকাশিত।সৃষ্টি ৰাণীৰ ঘৰ লক্ষীমপুৰত আৰু তেওঁৰ পিতৃৰ নাম মনীন্দ্ৰ টাইড আৰু মাতৃ নাম মাকমি (মিনু) নৰহ টাইড । উল্লেখ্য যে অতি কম বয়সতে সৃষ্টি ৰাণীয়ে বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ।
তেওঁ লাভ কৰা আন আন বটাঁ আৰু সন্মান সমূহ হৈছে ক্ৰমে ৱৰ্ল্ড বুক অৱ টেলেন্ট ৰেকৰ্ডছ, আসাম বুক অৱ ৰেকৰ্ডছ,ইণ্ডিয়া প্ৰাইম আইকন ৰেকৰ্ডছ, ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন, জি টাউন এৱাৰ্ডছ, ডব্লিউ বি টি আৰ গ্লৱেল এক্সেলেন্স অন লাইন এৱাৰ্ডছ আৰু চিলেক্টেড্ ফৰ ‘ইণ্ডিয়ান আইকন এৱাৰ্ড’ বাই নেচনেল হিউমেন ৰাইটচ অৰগেনাইজেছন। সৃষ্টি ৰাণীৰ এনে সফলতাত ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক-শিক্ষশিক্ষয়িত্রী আৰু ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে।













