ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁও জিলাৰ কঢ়ালীগাঁৱত গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰাৰ অভিযোগ উঠিছে । বেহাৰবাৰী আউটপ’ষ্টৰ মোহন খ্যাত অভিনেতা দ্বীপজ্যোতি কেওঁটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰোতে ৰূপায়ণ কৰা চুম্বনৰ দৃশ্যাংশই সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰে।
‘সমুদ্ৰ মন্থন’ নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক চুম্বন কৰা, “ফ্লায়িং কিচ্” কৰা দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতা গৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উঠিছে।
অৱশ্যে, এই বিতৰ্কৰ পিছতে অভিনেতা দ্বীপজ্যোতি কেওঁটে সংবাদ মাধ্যমত ৰাজহুৱা ভাৱে ক্ষমা খুজে ।
অভিনেতা গৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যকে দৰ্শকে চুম্বন কৰা বুলি ভাবিছে। অৱশ্যে ‘ফ্লায়িং কিচ্’ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে।আনহাতে ভৱিষ্যত ভাওনাত অভিনয় কৰোতে অভিনেতা গৰাকী অধিক সাৱধান হ’ব বুলি জনায়।