ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা৷ যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৯,৬৫৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩৫৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ৰাজ্যখনত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৫২ গৰাকী, বৰপেটাত ৩০ গৰাকী, যোৰহাটত ২৮ গৰাকী, কাছাৰত ১৮ গৰাকী লোকৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড।বুধবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮৯ শতাংশ।
উল্লেখ্য যে বুধবাৰৰ দিনটোত এজনো লোকৰ মৃত্যু হোৱা নাই। আনহাতে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২২৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৪৩ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৭১১৯জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২২৩৮জন ৰোগী।













