![]()
নিউজ ডেস্কঃ
জম্মু-কাশ্মীৰৰ ছপিয়ানত বুধবাৰে সেনা অভিযানত নিহত হয় লস্কৰ-ই-তৈবাৰ দুই উগ্ৰপন্থী। নিহত দুজনৰ ভিতৰত এজনক আদিল ওয়ানি বুলি চিনাক্ত কৰে আৰক্ষীয়ে। জম্মু-কাশ্মীৰ আৰক্ষীৰ আইজি (কাশ্মীৰ) বিজয় কুমাৰে জনোৱা মতে, আদিলে চলিত মাহত উত্তৰ প্রদেশৰ পৰা অহা এজন কাঠমিস্ত্ৰীক হত্যা কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্রৰ পমখেদি বুধবাৰে পুৱাতে জাইনাপোৰাৰ দ্রাগ্দ এলেকাত তালাচী অভিযান আৰম্ভ কৰে সেনাই। সেই সময়তে লুকাই থকা দুই সন্ত্ৰাসবাদীয়ে হঠাতে গুলী চলাবলৈ আৰম্ভ কৰে। গুলীত ৩ জোৱান আহত হয়। সেনাৰ প্ৰত্যুত্তৰত মৃত্যু হয় আদিল আৰু তেওঁৰ সঙ্গীৰ। দুয়োজনেই লস্কৰৰ কাশ্মীৰ শাখা, ‘দ্য ৰেজিষ্টেন্স ফ্রন্ট’ (টিআৰএফ)ৰ সদস্য বুলি আৰক্ষীয়ে জানিব পাৰিছে।










