![]()
নিউজ ডেস্কঃ
লখিমপুৰ কাণ্ডত উত্তৰ প্রদেশ চৰকাৰৰ ভূমিকাত সন্তুষ্ট নহয় দেশৰ শীর্ষ আদালত। প্রধান ন্যায়াধীশ এনভি ৰামানাৰ স্পষ্ট বক্তব্য, উত্তৰ প্রদেশ চৰকাৰে ষ্টেটাছ ৰিপোর্ট জমা দিয়াৰ কথা আছিল আৰু এদিন আগতেই। কিন্তু সেয়া জমা দিয়ে মঙ্গলবাৰে নিশা। শুনানি পিছুৱাই শুক্রবাৰে কৰাৰ আর্জি জনাইছিল উত্তৰ প্রদেশ চৰকাৰে। কিন্তু সেই আবেদন খাৰিজ কৰে ছুপ্রিম কোৰ্টে। শীর্ষ আদালতে বুধবাৰে স্পষ্টভাৱে জনাইছে যে আদালত উত্তৰ প্রদেশ চৰকাৰৰ ভূমিকাত একেবাৰেই সন্তুষ্ট নহয়।
আজিৰ শুনানিত উত্তৰ প্রদেশ চৰকাৰক ছুপ্রিম কোৰ্টে নির্দেশ দিয়ে সোনকালে সকলো সাক্ষীৰ ভাষ্য ৰেকর্ড কৰাৰ বাবে। লগতে তেওঁলোকৰ নিৰাপত্তাৰ বিষয়টিও সুনিশ্চিত কৰিবলৈ কোৱা হৈছে। সম্পূৰ্ণ প্রক্রিয়া অনন্তকাল ধৰি চলিব নোৱাৰে বুলিয়েই মত শীর্ষ আদালতৰ। এই গোচৰত এই পর্যন্ত কাক কাক গ্রেপ্তাৰ কৰা হৈছে সেয়াও ৰাজ্য চৰকাৰৰ পৰা জানিব বিচাৰে শীর্ষ আদালতে।










