![]()
নিউজ ডেস্কঃ
বুধবাৰে পুৱা উত্তৰ প্ৰদেশত কুশীনগৰ আন্তর্জাতিক বিমানবন্দৰ উদ্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। উদ্বোধনী ভাষণত প্ৰধানমন্ত্ৰীয়ে কয়, দেশৰ বৌদ্ধ ধর্মাৱলম্বীসকলৰ পর্যটন ক্ষেত্রবোৰক অধিক মজবুত কৰিবলৈ এই কুশীনগৰ আন্তর্জাতিক বিমানবন্দৰে বিশেষভাবে সহায় কৰিব।
উত্তৰ প্রদেশৰ কুশীনগৰ হৈছে বৌদ্ধ ধর্মাৱলম্বীসকলৰ বাবে অতি জনপ্রিয়৷ ইয়াতেই গৌতম বুদ্ধই দেহত্যাগ কৰা বুলি বিশ্বাস কৰা হয়। প্রতিবছৰে ইয়ালৈ হাজাৰ হাজাৰ পর্যটকআহে। এই আন্তর্জাতিক বিমানবন্দৰ নিৰ্মাণৰ পিছত এতিয়া বিভিন্ন দেশৰ পৰা পর্যটকসকল, বিশেষকৈ বৌদ্ধ ধর্মাৱলম্বীসকল পোনপটীয়াকৈ কুশীনগৰলৈ আহিব পাৰিব।
আনহাতে, অহা সপ্তাহৰ পৰাই স্পাইচজেটে দিল্লীৰ পৰা কুশীনগৰলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব। উদ্বোধনী অনুষ্ঠানৰ পিছতেই উদ্বোধনী বিমানত বিমানবন্দৰটোৰ পৰা ১২৫ জন বৌদ্ধ সন্ন্যাসী শ্রীলঙ্কাৰ ৰাজধানী কলম্বোলৈ যাত্ৰা কৰে।










