![]()
নিউজ ডেস্কঃ
অসময়ত হোৱা ধাৰাসাৰ বৰষুণত বিধ্বস্ত নাইনিতাল।হ্রদৰ পানী আহি ভৰি পৰিছে চহৰৰ ৰাস্তা। ডুব গৈছে বহু ৰাস্তা-ঘাট, ঘৰ-বাৰী। ইয়াৰ আগতে আৰব সাগৰত নিম্নচাপৰ প্রভাবত কেৰালা আৰু পশ্চিমবঙ্গত প্ৰবল বৃষ্টিপাত হৈছিল। তাৰ প্ৰভাৱ এতিয়াও আছে দুই ৰাজ্যত।

মঙ্গলবাৰে ডাৱৰ বিস্ফোৰণৰ ফলত বৰষুণ নামে উত্তৰাখণ্ডৰ কুমায়ুনৰ শৈল চহৰ নাইনিতালত। বৰষুণৰ ফলত হোৱা ভূমিস্খলনত চহৰখনত প্রবেশ কৰা প্রধান তিনিটা পথ বন্ধ হৈ যায়। উত্তৰাখণ্ডৰ বাকী অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ যায় নাইনিতাল। আবদ্ধ হৈ পৰে নাইনিতাললৈ যোৱা পর্যটকসকলো।










