![]()
নিউজ ডেস্কঃ
কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ কৰিব ৩ শতাংশ মৰগীয়া বানচ৷ বৃহস্পতিবাৰে কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকে এই সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী সূত্র মতে, চলিত বছৰৰ ১ জুলাইৰ পৰা এই নতুন মৰগীয়া বানচ কার্যকৰী হ’ব। ইয়াৰ ফলত উপকৃত হ’ব দেশৰ লাখ লাখ চৰকাৰী কর্মচাৰী আৰু পেঞ্চনাৰ।
সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুযায়ী, বিগত দিনত কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি পাই হৈছিল ২৮ শতাংশ। নতুন ঘোষণাত আৰু ৩ শতাংশ বৃদ্ধি হ’লে এতিয়া তেওঁলোকে লাভ কৰিব মূল দৰমহাৰ ৩১ শতাংশ মৰগীয়া বানচ।
উল্লেখ্য, কৰোনাৰ ফলত হোৱা ৰাজহ ঘাটিৰ কাৰণে ২০২০ চনৰ পৰা কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বন্ধ হৈ আছে।










