![]()
নিউজ ডেস্কঃ
১০০ কোটিৰ টীকাকৰণক স্মৰণীয় কৰিবলৈ অভিনৱ উদ্যোগ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ। এই কাৰ্যত জড়িত চিকিৎসক, স্বাস্থ্যকর্মী, বিজ্ঞানী, টীকা প্রস্তুতকাৰক কোম্পানী— সকলোকে শ্রদ্ধা জ্ঞাপনৰ বাবে দেশৰ ঐতিহাসিক ১০০টা স্মৃতিসৌধক ত্ৰিৰঙ্গাৰ আলোকেৰে আলোকিত কৰা হ’ব।
চৰকাৰী সূত্ৰ মতে, এই আলোকত আলোকিত হ’ব লালকিল্লা, কুতুব মিনাৰ, হুমায়ুনৰ সৌধ, তোঘলকাবাদ দুর্গ, পুৰণিকিল্লা, ফতেহপুৰ চিক্রি, ৰামাপ্পা মন্দিৰ, হাম্পি, ধোলাভিৰা, লেহ প্রাসাদ, খাজুৰাহো মন্দিৰ, গোলকোণ্ডা দুর্গ।
উল্লেখ্য, বৃহস্পতিবাৰে পুৱাতেই ১০০ কোটি টীকাৰ মাইলৰ খুঁটি স্পৰ্শ কৰে দেশে। চীনৰ পিছত বিশ্বৰ দ্বিতীয় দেশ হিচাবে এই কৃতিত্ব অৰ্জন কৰিলে ভাৰতে। যাক ঐতিহাসিক বুলি ব্যাখ্যা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।










