![]()
নিউজ ডেস্কঃ
বৃহস্পতিবাৰে দেশত কোভিড টীকাকৰণে ১০০ কোটি স্পৰ্শ কৰে। এই টীকাকৰণত দেশৰ ভিতৰত শীর্ষস্থানত আছে উত্তৰ প্রদেশ। ১২ কোটিৰো অধিক টীকাকৰণ হৈছে ৰাজ্যখনত। দ্বিতীয় স্থানত থকা মহাৰাষ্ট্রত বৃহস্পতিবাৰে দুপৰীয়া ১২টা পর্যন্ত টীকাকৰণ হৈছে ৯ কোটি ৩৬ লক্ষ ১০ হাজাৰ ৫৬১। তৃতীয় স্থানত আছে পশ্চিমবঙ্গ। তাৰ পিছতেই আছে গুজৰাট আৰু মধ্য প্রদেশ।
দেশৰ কোভিড টীকাকৰণ ৰশীৰ্ষত থকা ৫ ৰাজ্য হৈছে (বৃহস্পতিবাৰে দুপৰীয়া ১২ বজা পৰ্যন্ত) :
উত্তৰ প্ৰদেশ : ১২,২১,৬০,৩৩৫
মহাৰাষ্ট্ৰ : ৯,৩২,২৫,৫০৬
পশ্চিমবংগ : ৬,২৫,২৮,৯৩৬
গুজৰাট : ৬,৭৬,৮৭,৯১৩
মধ্য প্ৰদেশ : ৬,৭২,৪৩,০০৩










