![]()
নিউজ ডেস্কঃ
মুম্বাইত দাউ দাউকৈ জ্বলি উঠিল ২০ মহলীয়া অট্টালিকা। এজন ব্যক্তিক দেখা গৈছে প্রাণপণে বাচিবলৈ চেষ্টা কৰা। ৰেলিঙত ধৰি কিছু সময় ওলমি থকাৰ পিছত হঠাৎ হাত পিচলি যায় ব্যক্তিজনৰ। তাৰ পিছত ২০ মহলাৰ পৰা সৰি মাটিত পৰে। শুক্রবাৰে দুপৰীয়া এই ভয়াৱহ দৃশ্যৰ সাক্ষী হৈ ৰ’ল মুম্বাইসহ সমগ্ৰ দেশ।
দক্ষিণ মুম্বাইৰ পাৰেলৰ লালবাগ এলেকাত এটি নির্মীয়মাণ বহুমহলীয়া অট্টালিকাত দুপৰীয়া জুই লাগে। ৬৪ মহলীয়া অট্টালিকাৰ ২০ মহলাত জুই লগাৰ পিছত সেই জুই মুহূর্তৰ ভিতৰতে বিয়পি পৰে ২৫ মহলা পর্যন্ত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ ১৪খন গাড়ী উপস্থিত হৈ জুই নিয়ন্ত্রণৰ চেষ্টা কৰে।
আৰক্ষী সূত্র মতে, এই ঘটনাত এজন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেওঁক উদ্ধাৰ কৰি কেইএম হস্পিটেললৈ লৈ যোৱা হয়। চিকিৎসকে পিছত ব্যক্তিজনক মৃত বুলি ঘোষণা কৰে। জানিব পৰা মতে মৃতকৰ নাম অৰুণ তিৱাৰী (৩০)।










