![]()
নিউজ ডেস্কঃ
সম্প্রতি হাতী আৰু ঘঁৰিয়ালৰ যুদ্ধৰ এটি ভিডিও ইণ্টাৰনেটত ভাইৰেল হৈছে। তাত দেখা গৈছে প্ৰকাণ্ড আকাৰৰ এটি ঘঁৰিয়ালক পানীত নামি ভৰিৰে গচকি মাৰিছে এটি হাতীয়ে। উক্ত ঘটনাৰ এক মিনিট ৪০ ছেকণ্ডৰ এটি ভিডিও প্রকাশ পাইছে। ভিডিওটোত দেখা গৈছে হাতীটোৱে শুঁৰেৰে ঘঁৰিয়ালটোৰ নেজত ধৰি পানীত আফলিয়াইছে। তাৰ পিছত ভৰিৰে গচকিছে। ভিডিওটিৰ শেষৰ ফালে হাতীটোৰ সৈতে যুঁজি যুঁজি এটা সময়ত নিস্তেজ হৈ পৰি গৈছে ঘঁৰিয়ালটি। তাৰ পিছত মৃত্যু হয় ঘঁৰিয়ালটিৰ।
আফ্রিকাৰ জাম্বিয়াৰ ঘটনাটি ইউটিউবত প্রকাশ কৰিছে এটি ইউটিউব চেনেলে। আফ্রিকাৰ অৰণ্যৰ বন্যপ্রাণীবোৰৰ ভিডিও নিয়মিত ইউটিউবত পোষ্ট কৰে উক্ত ইউটিউব চেনেলটোৱে। এই ভিডিওটি পোষ্ট হোৱাৰ পিছৰ পৰা ১১ লাখবাৰ ভিউ হৈছে।










