![]()
নিউজ ডেস্কঃ
সম্প্রতি টুইটাৰত প্ৰকাশিত এখন ফটোক কেন্দ্ৰ কৰি হুলস্থুল লাগি গৈছে। ফটোখনত দেখা গৈছে এডাল তিনিটা মূৰৰ সাপ গছৰ ডালত আছে। এই ফটোখনক লৈয়ে এতিয়া চৰ্চা তুংগত ছচিয়েল মিডিয়াত।
ফটোখন টুইটাৰত পোষ্ট কৰিছে ‘ৰব এন ৰোল’ নামৰ এটি একাউন্টৰ পৰা। কিন্তু এই ফটোখনত যে এটা চমক আছে সেইটো প্রথম দেখাৰ পিছত কোনোৱে ধৰিব নোৱাৰে।

পিছে ফটোখনৰ চমক কি?
ফটোখন চাই ১০ জনৰ ভিতৰত ৯জনেই হয়তো ক’ব যে এইডাল সাপ। কিন্তু আচলতে এইডাল কোনো সাপ নহয়। তিনিটা মূৰো নাই। তেনেহ’লে কি?

এইটো হ’ল প্রকৃতিৰেই এক নিদর্শন। এই পৃথিৱীত কিমান ধৰণৰ প্রাণী আছে আৰু চিকাৰৰ হাতৰ পৰা বাচিবলৈ কিমান ধৰণৰ নিজৰ মাজতে অভিযোজন কৰে তাৰেই এটি নিদর্শন। ফটোখনত দেখা পোৱা ‘তিনিটা মূৰৰ সাপ’ডাল আচলতে এটি পখিলা। নাম ‘এটাকাছ এটলাছ’। বিশ্বৰ বৃহত্তম পখিলা এইটো। ইহঁতৰ আয়ুস মাত্র দুই সপ্তাহ। ইহঁতে কণী পাৰি সেই কণীবোৰ চিকাৰীৰ পৰা ৰক্ষা কৰাৰ বাবে সাপৰ দৰে ছদ্মৰূপ ধাৰণ কৰে। গতিকে, ফটো চাই তিনিটা মূৰৰ সাপ বুলি যি ভ্রম সৃষ্টি হৈছিল, সেইডাল আচলতে বিষধৰতো নহয়েই, সাপেই নহয়। এটি নিৰীহ পতঙ্গ।










