![]()
নিউজ ডেস্কঃ
বেঙ্কলৈ গৈছিল চীনৰ এগৰাকী কোটিপতি ব্যক্তি। কিন্তু বেংকৰ সেৱাক লৈ তেওঁ সিমান এটা সন্তুষ্ট নহয়। বেঙ্কৰ এজন কর্মচাৰীৰ সৈতে কোনো বিষয়ত তৰ্ক-বিতৰ্কও হয়। তাৰেই শাস্তি হিচাবে বেঙ্কটোত জমা থকা তেওঁৰ সকলো টকা উলিওৱাৰ সিদ্ধান্ত লয়।
লেডবাইবেল নামৰ এটা সংবাদ মাধ্যমৰ প্রতিবেদন মতে, ব্যক্তিজনে ৫ কোটি ৭০ লাখ টকা বেংকটোৰ পৰা উলিয়ায়। তাৰ পিছত উক্ত টকা বেঙ্কটোৰেই এজন কর্মচাৰীক গণিব দিয়ে, যিজন কর্মচাৰীৰ সৈতে তেওঁৰ বাকযুদ্ধ হৈছিল।
প্রতিবেদনখনত প্ৰকাশ পোৱা মতে, উইবো নামৰ এটি ছচিয়েল মিডিয়াত ‘ছানৱেৰ’ নামেৰে পৰিচিত ব্যক্তিজন। ইফালে বেঙ্কৰ প্ৰতি অভিযোগ, ব্যক্তিজনে মাস্ক পিন্ধি বেঙ্কত প্ৰৱেশ নকৰাৰ বাবে নিৰাপত্তাৰক্ষীয়ে তেওঁক মাস্ক পিন্ধাৰ বাবে অনুৰোধ কৰে। কিন্তু তেওঁ সেইটো কৰিবলৈ অস্বীকাৰ কৰে। তাৰ পৰাই বিতর্কৰ সূত্রপাত হয়।










