![]()
নিউজ ডেস্কঃ
বিগত তিনি বছৰ ধৰি ভাৰতত মধ্যবয়সীয়া মহিলাসকলৰ স্তন কেন্সাৰৰ সংখ্যা বৃদ্ধি পাইছে। ইন্দ্রপ্রস্থ এপলো হস্পিটেলৰ ছার্জিকেল অনকোলজিষ্ট ডাঃ ৰমেশ চাৰিনে জনোৱা মতে, ‘চিকিৎসকসকলৰ ওপিডি ৰেকর্ডৰ ভিত্তিত আমি লক্ষ কৰিছো যে ৫০ শতাংশ মধ্যবয়সীয়া মহিলা স্তন কেন্সাৰত আক্রান্ত। যিসকলৰ বয়স ৩৫-৫০ৰ ভিতৰত।’
তেওঁ লগতে কয়, ‘স্তন কেন্সাৰৰ সংখ্যাৰ যি ৰিপোর্ট আছে তাত দেখা গৈছে যে ৫৩ শতাংশ মহিলাৰ কেন্সাৰ ধৰা পৰিছে প্রাথমিক পর্যায়ত। ৪৭ শতাংশ মহিলাৰ উন্নত পর্যায়ত। ষ্টেজ-৪ত ২০ শতাংশ আৰু ষ্টেজ-৩ত ২৭ শতাংশ মহিলাৰ কেন্সাৰ ধৰা পৰিছে।’
উল্লেখ্য, সচেতনতাৰ অভাৱতে ভাৰতত বেছিভাগ মহিলাৰ স্তন কেন্সাৰ হৈছে। সেয়া যেতিয়াই এই ৰোগৰ বিষয়ে বুজিব পাৰিব তেতিয়াই চিকিৎসকক দেখাব লাগে। পৰিয়ালত কেন্সাৰৰ ইতিহাস থাকিলেও এই ৰোগ হ’ব পাৰে। আনহাতে, কিছু মহিলাৰ কেন্সাৰ প্রতিদিনৰ জীৱন-শৈলীৰ বাবেও হয়। ধূমপান, সুৰা, গর্ভনিৰোধক ঔষধ খোৱাই কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।










