![]()
নিউজ ডেস্কঃ
বাংলাদেশজুৰি হোৱা হিংসাৰ প্রতিবাদত গৰজি উঠিল ঢাকা বিশ্ববিদ্যালয়। শুক্রবাৰে বিয়লি বিশ্ববিদ্যালয়খনৰ ৰাজু ভাস্কর্যৰ কাষত ‘সহিংসতাৰ বিৰুদ্ধে কনছার্ট’ৰ আয়োজন কৰি দেশখনৰ সম্প্রীতি আৰু সংহতিৰ আহ্বান জনোৱা হয়।
সুৰৰ জৰিয়তে প্রতিবাদ জনোৱা হয় সাম্প্রতিক হিংসা আৰু তাণ্ডৱৰ বিৰুদ্ধে। শুক্রবাৰে স্থানীয় সময় বিয়লি ৩টাৰ পৰা নিশা ১০টা পর্যন্ত অনুষ্ঠিত অনুষ্ঠান বাংলাদেশৰ জনপ্ৰিয় বেণ্ডবোৰ উপস্থিত থাকে। লগতে বিশ্ববিদ্যালয়ৰ নতুন আৰু প্রাক্তন ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকি উক্ত প্রতিবাদৰ সুৰত সুৰ মিলায়।

কনছার্টত শিৰোনামহীন, মেঘদল, সহজিয়া, চহৰতলি, বাংলা ফাইভ, গানপোকা, গানকবি, কৃষ্ণপক্ষ, কাল, অবলিকসহ জনপ্ৰিয় বেণ্ডবোৰে সঙ্গীত পৰিবেশন কৰে। কবিতা আবৃত্তি আৰু মূকাভিনয়ৰ জৰিয়তেও ঐক্য আৰু সম্প্রীতিৰ বার্তা দিয়া হয়।










