![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৩২৪জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৯৭৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩২৪গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ’ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮১ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৩জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৮৪৫০জনলৈ বৃদ্ধি পাইছে ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৬২১ জন ৰোগী।













