ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ৩২৪জন ক’ৰোনাত আক্ৰান্ত।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৯৭৬৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩২৪গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৮৮জন কামৰূপ মেট্ৰ’ৰ, ৫০জন বৰপেটাৰ, ১৮জন যোৰহাটৰ আৰু ১৭জন কামৰূপ গ্ৰাম্যৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৮১ শতাংশ।
আনহাতে,শনিবাৰৰ দিনটোত মৃত্যু হৈছে ৩জন ব্যক্তিৰ৷উল্লেখ্য যে শনিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২১৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.৩৭ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৬০৮৪৫০জনলৈ বৃদ্ধি পাইছে ।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ২৬২১ জন ৰোগী।
Summary of 23/10/2021
Today’s Total 324
Overall Positivity Percentage (324 cases out of 39,768 test done = 0.81%)
Kamrup(M) 88
Death 3
Recovery Rate 98.37%
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) October 23, 2021