![]()
নিউজ ডেস্কঃ
টি-২০ বিশ্বকাপৰ প্রথম মেচত ভাৰত-পাকিস্তানৰ খেলক কেন্দ্র কৰি অশান্তি বিয়পিল পঞ্জাবৰ দুখন শিক্ষা প্রতিষ্ঠানত। কাশ্মীৰী শিক্ষাৰ্থীসকলৰ অভিযোগ, খেলত পাকিস্তান জয় হোৱাৰ পিছত তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে এদল আক্ৰমণকাৰী। তেওঁলোকে হোষ্টেলত প্ৰৱেশ কৰি মাৰধৰ কৰাৰ অভিযোগ উঠে। পঞ্জাবৰ ভাই গুৰুদাস ইনষ্টিটিউট অব ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজী আৰু ৰায়ত ভাৰা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল আক্রান্ত হোৱা বুলি জনাইছে। জম্মু-কাশ্মীৰ ছাত্র সন্থাৰ মুখপাত্রই জনোৱা মতে, ‘‘পঞ্জাবৰ চঙ্গুৰ আৰু মোহালি জিলাৰ দুখন শিক্ষা প্রতিষ্ঠানৰ কাশ্মীৰী শিক্ষাৰ্থী ভাৰত-পাকিস্তান মেচৰ পিছত আক্রান্ত হৈছে। আক্ৰমণৰ মুখৰ পৰা স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰে। মূলত উত্তৰ প্রদেশ, হাৰিয়ানা আৰু বিহাৰৰ শিক্ষাৰ্থীসকলে দেওবাৰে নিশা আক্রমণ চলায়। কাশ্মীৰী শিক্ষাৰ্থীসকলৰ হোষ্টেলতো ধ্বংসলীলা চলোৱা হয়।’’
আনহাতে, আক্রান্ত শিক্ষাৰ্থীসকলৰ দাবী, নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক হোষ্টেলত সোমাবলৈ দিয়ে। তাৰ পিছত মূলত উত্তৰ প্রদেশৰ ছাত্ৰসকলৰ নেতৃত্বত আক্ৰমণকাৰীয়ে হোষ্টেলত তাণ্ডৱ চলায়। পিছত পঞ্জাব পুলিচৰ এটি দল আহি পৰিস্থিতি নিয়ন্ত্রণলৈ আনে। একেই ঘটনা ঘটে মোহালিৰ এখন শিক্ষা প্রতিষ্ঠানতো। তাতো চাৰি কাশ্মীৰী ছাত্ৰ আক্রান্ত হোৱাৰ খবৰ।
অৱশ্যে সোমবাৰে পুৱা আৰক্ষীয়ে জনাইছে, ঘটনাৰ বাবে দুয়োপক্ষই ক্ষমা বিচাৰি মিটমাট কৰিছে।










