![]()
নিউজ ডেস্কঃ
কৰোনাৰ টীকা সন্দৰ্ভত আৰম্ভণিৰে পৰা দেশ-বিদেশত নানা গুজৱ ওলাই আছে। আনকি দাবী উঠিছে, টীকা ল’লে মানুহ চিম্পাঞ্জীলৈও পৰিৱৰ্তন হ’ব পাৰে। অৱশ্যে এইবোৰ গুজৱত কোনো চিকিৎসা সংগঠন বা প্রশাসনে গুৰুত্ব দিয়া নাই। কিন্তু এইবাৰ সমস্যা হৈছে ৰাছিয়াৰ টীকা স্পুটনিক ভিক লৈ। ভাৰতত ইয়াৰ অনুমোদন দিয়া হৈছে যদিও ইউৰোপত দিয়া হোৱা নাই। এইবাৰ আফ্রিকাতো বাতিল হ’ল স্পুটনিক ভি।
আফ্রিকান দেশ নামিবিয়াত স্পুটনিক ভি দিয়া বন্ধ ৰখা হৈছে৷ কাৰণ হিচাবে তেওঁলোকে জনাইছে যে এই টীকা ব্যৱহাৰে পুৰুষসকলৰ এইচআইভিত আক্রান্ত হোৱাৰ সম্ভাৱনা বঢ়াব! ৰিপাব্লিক অফ ছাউথ আফ্রিকাইও একেই কাৰণ দেখুৱাই ৰাছিয়ান টীকাৰ ব্যৱহাৰ বন্ধ কৰিছে। উল্লেখ্য, বিশ্ব স্বাস্থ্য সংস্থাইও স্পুটনিকক অনুমোদন দিয়া নাই।
নামিবিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে স্পুটনিক ভি টীকাৰ ব্যৱহাৰ বন্ধ কৰা হৈছে৷ কাৰণ যিসকলে এই টীকা লৈছে তেওঁলোকৰ আইচআইভিত আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি। শেহতীয়াভাৱে এই টীকাৰ ব্যৱহাৰ আৰম্ভ হৈছিল নামিবিয়াত। দক্ষিণ আফ্রিকাৰ স্বাস্থ্য বিভাগেও একেই সিদ্ধান্ত লৈছে। কিন্তু টীকা কোম্পানীটোৱে এই দাবী নস্যাৎ কৰিছে। তেওঁলোকে জনোৱা মতে, ৭০০০ স্বেচ্ছাসেৱকৰ ওপৰত পৰীক্ষা কৰা হৈছিল স্পুটনিক ভি। কিন্তু এনে কোনো প্রমাণ পোৱা যোৱা নাই।










