![]()
নিউজ ডেস্কঃ
আধাৰ কার্ডৰ ঠিকনা সলনি কৰিবলৈ এতিয়া আৰু দৌৰাদৌৰি কৰাৰ প্ৰয়োজন নাই। অতি সহজতেই সেয়া কৰিব পৰা যায় নিজৰ মোবাইল ফোনতে। অৱশ্য ফটো সলনি ঘৰত বহিয়েই কৰিব নোৱাৰিব। ইয়াৰ বাবে কোনো আধাৰ কেন্দ্রলৈ যাব লাগিব। ফটো সলনিৰ খৰচ পৰিব ২৫ টকা। মোবাইল ফোনৰ পৰা ঠিকনা সলনিৰ লগতে পান নম্বৰো যুক্ত কৰাটো সম্ভৱ।
কেনেদৰে মোবাইল ফোনৰ পৰা ঠিকনা সলনি কৰিব পৰা যায়—
১। প্রথমতে https://uidai.gov.in পোৰ্টেললৈ যাব লাগিব।
২। ৱেবছাইটটোৰ বাঁওফালে ওপৰত ড্রপ ডাউন মেনুত গৈ ‘মাই আধাৰ’ত ক্লিক কৰক।
৩। পৰৱৰ্তী পৃষ্ঠাত ‘আপডেট ডেমোগ্রাফিক্স ডেটা অনলাইন’ অপচনত গৈ ‘আপডেট আধাৰ ছেকচন’ বিচাৰি তাত ক্লিক কৰক।
৪। ইয়াৰ পিছত ‘প্রচিড টু আপডেট আধাৰ’ লিঙ্ক দেখুৱাব। তাত ক্লিক কৰক।
৫। এইবাৰ কিছু তথ্য বিচাৰিব ৱেবছাইটটোৱে। সেইবোৰ পূৰণ কৰক।
৬। এইবাৰ আধাৰ নম্বৰ দি কেপচা ভেৰিফিকেচন কৰাব লাগিব। ইয়াৰ পিছত ওটিপি আহিব।
৭। ওটিপি ভেৰিফিকেচনৰ পিছত ‘ডেমোগ্রাফিক ডেটা’ অপচন ছিলেক্ট কৰক।
৮। ইয়াৰ পৰৱৰ্তী পৃষ্ঠাত হ’ব ঠিকনা সলনি। নির্দিষ্ট স্থানত সঠিক ঠিকনা লিখি প্রচিড বুটামত ক্লিক কৰক।
৯। নতুন ঠিকনাৰ প্রমাণ-পত্রৰ ৰঙীন কপি আপডেট কৰিব লাগিব স্কেন কৰি।
১০। একেবাৰে শেষত ‘ছাবমিট’ বুটামত ক্লিক কৰক।
ফটো কেনেদৰে সলনি কৰিব পৰা যায়—
১। আধাৰৰ ৱেবছাইটৰ পৰা আধাৰ এনৰোলমেন্ট ফর্ম ডাউনলোড কৰিব লাগিব।
২। ফর্ম পূৰণ কৰি ওচৰৰ কোনো আধাৰ সেৱা কেন্দ্রত গৈ জমা দিব লাগিব।
৩। উক্ত কেন্দ্রৰ কর্মচাৰীয়ে ফর্মৰ যাৱতীয় তথ্য বায়োমেট্রিক ভেৰিফিকেচনৰ জৰিয়তে মিলাই চাব।
৪। নতুনকৈ ফটো তোলা হ’ব। ইয়াৰ বাবে দিব লাগিব ২৫ টকা। লগতে জিএছটি।
৫। আধাৰ ৰিকোৱেষ্ট নম্বাৰ (ইউআৰএন)-সহ শ্লিপ দিয়া হ’ব আধাৰ সেৱা কেন্দ্রৰ পৰা।
৬। ইউআৰএন দিয়াৰ পিছত আধাৰ ৱেবছাতটেযত গৈ চাব লাগিব ফটো সলনি হৈছেনে নাই। হৈ গ’লে আধাৰ কার্ড ডাউনলোড কৰিব পাৰিব।










