নিউজ ডেস্কঃ
সমীৰ ৱাখেড়েৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ নির্দেশ দিছে নাৰকোটিক্স কন্ট্রোল ব্যুৰোই (এনচিবি)। চোৰাংচোৱা সংস্থাটোৰ উক্ত বিষয়াজনৰ বিৰুদ্ধে অভিযোগ, শ্বাহৰুখ-পুত্র আৰিয়ান খানক এৰি দিয়াৰ বিনিময়ত এজন সাক্ষীৰ জৰিয়তে ২৫ কোটি টকা দাবী কৰিছিল তেওঁ।
এনচিবিৰ ডেপুটি জেনেৰেল ডিৰেক্টৰ জ্ঞানেশ্বৰ সিঙে দনোৱা মতে, সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে তদন্তৰ পৰ্যবেক্ষণৰ দায়িত্বত তেৱেঁই থাকিব।
আনহাতে, সমীৰক দায়িত্বৰ পৰা আঁতৰোৱা সন্দৰ্ভত তেওঁ কয়, “এতিয়াই এই বিষয়ত একো ক’ব পৰা নাযাব। আমি সকলো তদন্ত আৰম্ভ কৰিছো।”